এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
[খণ্ড ৩
কীৰ্ত্তন-ঘোষা


সমস্ত লোকৰ ধৰ্ম্মক এড়ি।
বিষ্ণুৰ নামক সততে ৰড়ি॥
সিজনে যি গতি লভিবে সুখে।
সকলে ধাৰ্ম্মিকে নপাইবে দুখে॥১৩
জানিয়া হৰিক সততে স্মৰ।
ক্ষণেকো নপাৰিবাহা নৰ॥
যতা মহাপুণ্য মহাপাতক।
ই দুইৰ কিঙ্কৰ জানা প্ৰত্যেক॥ ১৪
তথাপি যদি চিত্ত নেদা থাৰি।
পদ্ম-পুৰাণত চায়ো বিচাৰি॥
বৃহত-সহস্ৰ-নামত আছে।
নপাইলে আমাক নিন্দিবা পাছে॥ ১৫
কহিলা শুকে পৰমাৰ্থ বাণী।
মহাভাগৱত শাস্ত্ৰ প্ৰমাণি॥
নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে।
পৱিত্ৰ কৰা হৰি হৰি বোলে॥ ১৬


পা* ১৪॥ ই দুইৰ-ই দুয়ো।