পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৭
কুঁজীৰ বাঞ্ছা-পূৰণ

মধুপীয়া গন্ধে  চন্দনে কুঙ্কুমে
 ভূষিত কৰিয়া লাস।
কৰ্পুৰ তাম্বুলে   ভুঞ্জি অনুৰাগে
 চাপিয়া কৃষ্ণৰ পাশ॥ ৬
কটাক্ষ-ছটায়ে  কৃষ্ণক চাহিয়া
 হাসিয়া লাজে নমাতে।
আইস বুলি কৃষ্ণ   কঙ্কণে ভুষিত
 কৰত ধৰিয়া হাতে॥
শয্যাক আনিয়া   আশেষ ক্ৰীড়িলা
 কৃষ্ণে পূৰি তাইৰ মতি।
চন্দন-অৰ্পণ-   পুণ্যেসে পাইলন্ত
 ঈশ্বৰ কৃষ্ণক পতি॥ ৭
কৃষ্ণৰ চৰণ   ধৰি ঘনে ঘন
 শুঙ্গয় এড়িয়া ব্ৰীড়া।
হৃদয় তনত   চক্ষুত ঘষিয়া
 এড়াইলা মদন-পীড়া॥
আনন্দ-মূৰ্ত্তিক   দুই হাতে হিয়াত
 আলিঙ্গি ভৈল নিস্পাপ।


পা* ৮॥ ব্ৰীড়া-ক্ৰীড়া।

২২