পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩২
খণ্ড ১২
কীৰ্ত্তন-ঘোষা


বোলন্ত অনেক প্ৰবোধ-বাক।
ক্ৰন্দন এড়া আৱে গোপীঝাক॥ ১৭

কিনো তোৰ সৱে কৰিলা পুণ্য।
সদায়ে গোৱা গোৱিন্দৰ গুণ॥
হৰিত মজিল আতি হৃদয়।
কিনো তোমাসাৰ ভাগ্য-উদয়॥ ১৮

হৰিৰ অৰ্থে পতি-পুত্ৰ এড়ি।
কৰিলা পুজা যেন সৱে চেড়ী॥
জানিলো সংসাৰ তৰিলা সুখে।
বৰ্ণাইবো আৰো কত মোৰ মুখে॥১৯

কহিলা কৃষ্ণৰ সন্দেশ-বাক।
জুড়াইল শুনি সৱে গোপীঝাক॥
উদ্ধত কথা সোধে দুনাই।
সুখে কি আছস্ত কৃষ্ণ গোসাঁই॥ ২০

আমাৰ কথা কি পড়ে মনত।
যেন ক্ৰীড়া ভৈলা ৰাত্ৰি বনত॥
আউৰ কি আসিবা নন্দৰ পুৰ।
কৈসানি দেখিবো মুখ প্ৰভুৰ॥ ২১