পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
গোপী-উদ্ধৱ-সংবাদ


নুহি গোকুলক স্মৰিবা কেনে।
পুষ্প চুম্বি এড়ে ভ্ৰমৰা যেনে॥
স্ত্ৰীতো তেহ্ন পুৰুষৰ চিত্ত।
বুজিলো কৃষ্ণৰ আমি ইঙ্গিত॥ ১৩

এড়িলা স্নেহ প্ৰভু সমুদায়।
মধুৰা নাগৰী সুন্দৰী পাই॥
এহি বুলি সৱে লজ্জাক এড়ি।
কান্দন্ত কৃষ্ণৰ গুণ সুমৰি॥১৪

কৃষ্ণক লাগি আতি প্ৰেমভাৱে।
কৃষ্ণৰ সমে গুণ-গীত গাৱে॥
কৃষ্ণত সৱে নিমজাইল মন।
কাহাৰো গাৱত নাহি চেতন॥ ১৫

উৱে গোপীৰ দেখিয়া ভাৱ।
বিস্ময় হুয়া শিহৰাইলা গাৱ॥
নন্দৰ ব্ৰজে যত গোপীঝাক।
শিৰে বন্দো তান পদ-ধুলাক॥ ১৬

ৰাত্ৰি-দিনে পাৱে হৰি-চৰিত্ৰ।
তিনিও লোকক কৰে পৱিত্ৰ॥