পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
[খণ্ড ১২
কীৰ্ত্তন-ঘোষা


ডাকিয়া পাৰে অক্ৰূৰক গালি।
হা কৃষ্ণ বুলি কান্দে গোৱালী॥ ৮

দেখিলা সৱে উদ্ধৱক পাছে।
ৰূপে মনোহৰ জ্বলন্তে আছে॥
আজানু-লম্বিত বাহু দুখান।
নৰ পদ্ম যেন জ্বলে লোচন॥ ৯

গাৱে পীত বস্ত্ৰ কৰ্ণে কুণ্ডল।
পদ্ম-সম শোভে মুখ-মণ্ডল॥
গলত জ্বলে নৱ পদ্ম-মালা।
বিস্ময় ভৈল যত গোপ-বালা॥ ১০

ইটো কোনজন কৃষ্ণৰ বেশ।
জোনো আনিয়াছে কৃষ্ণ-সন্দেশ॥
বিৰলে নিয়া উদ্ধৱক মাতি।
বেঢ়িয়া বসিলা সমাজ পাতি॥ ১১

জানিলো তুমি মুখ্য হৰি-দাস।
পঠাইলা পিতৃৰ মাতৃৰ পাশ॥
মুনিৰো দুস্ত্যজ বন্ধুৰ স্নেহ।
জানো আনি আছা কৃষ্ণ-সন্দেশ॥ ১২