পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৯
গোপী-উদ্ধৱ-সংবাদ


মাৱ বাপ পাই নাইলা দুনাই।
আমাক কৰিল অনাথ-প্ৰায়॥
এহি বুলি দুয়ো কান্দন্ত আতি।
উদ্ধৱে প্ৰবোধ বুলিলা মাতি॥ ৪

দেখিবা কৃষ্ণক নকৰা খেদ।
কৰিবা হৰি দুঃখ-পৰিচ্ছেদ॥
উদ্ধৱৰ বোলে দুয়ো জুড়াইল।
কৃষ্ণৰ কথাতে ৰাত্ৰি পুহাইল॥ ৫

গোপীগণো আতি ব্যাকুল-চিত্ত।
গাৱে উজাগৰে কৃষ্ণৰ গীত॥
কাহাৰো হৰি বিনা নাহি স্বস্থ।
ওহলায়া দেখে সুৱৰ্ণৰ ৰথ॥ ৬

কোন আসিয়াছে নন্দৰ পুৰ।
জোনো কংস-দূত আইল আক্ৰুৰ॥
নিলেক কমল-লোচন স্বামী।
যাহাৰ বিৰহে মৰোহো আমি॥ ৭

ইবাৰ কিবা মাংস নেয় কাটি।
মৰিল কংস দিবে পিণ্ড বাটি॥