এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
২৩
পাষণ্ড-মৰ্দ্দন

অনিচ্ছাতো যেন অগনি পোলে।
বিষ্ণুধৰ্ম্মোত্তৰ আগমে বোলে॥৮
ঘোৰ সংসাৰৰ মুখ্য আষুধি।
হেন হৰিনাম এৰি বিবুদ্ধি॥
লভিবে মুকুতি কোন উপায়৷
মিছাত পণ্ডিত ফুৰে বোলাই॥ ৯
নাৰদে কহন্ত মুনিক মাতি।
আচৰ্য্য আচৰ্য্য দেখিয় আতি॥
হৰি হেন নাম আছে বিয়াপি।
সংসাৰত পৰি মৰে তথাপি॥ ১০
হৰি নামে নামে নামে নিছয়।
মোহোৰ জীৱন নাৰদে কয়॥
কলিৰ কালে আউৰ আত পৰে।
নাই নাই নাই গতি লোকৰে॥১১
নাৰদে দিলন্ত তিনি কতপা।
নমানিবে আক কোননো লপা॥
নাৰদৰ বাণী শিলাৰ ৰেখা।
বৃহত-নাৰদী বিচাৰি দেখা॥ ১২


পা* ৮॥পোলে-পোৰে। বিষ্ণুধৰ্ম্মোত্তৰ-বিষ্ণুধৰ্ম্ম তাক, বিষ্ণুধৰ্ম্মতৰ।