পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

জগতৰ ভৰত মৰিল কংসৰায়।
চুলে ধৰি সমাজত ফুৰাইল ঘষাই॥
হস্তীক আঝোৰে যেনমতে সিংহ-ৰাজে।
দেখি হাহাকাৰ কৰে সকল সমাজে॥ ৪২৬
পিয়ন্তে বোলন্তে সিটো পথত ভ্ৰমন্তে।
নিশ্বাস কাঢ়ন্তে নিশা শয়ন কৰন্তে॥
ভয়তে আগতে দেখে কৃষ্ণক সদায়।
সিহেতু কৃষ্ণৰ ৰূপ পাইলা কংসৰায়॥ ৪২৭
কংস আদি কৰিয়া কংসৰ আঠ ভাই।
ভাইৰ মান সাৰো বুলি ক্ৰোধে গৈল ধাই॥
পৰিঘে মাৰিলা কোবাই ৰঙ্গে হলধৰে।
পূৰ্ব্বত পশুক যেন মাৰিলা শঙ্কৰে॥ ৪২৮
আকাশক ছানি বাৱে দেৱৰ দুন্দুভি।
ব্ৰহ্মা আদি দেৱে পুষ্প বৰিষে সুৰভি॥
বুলিল প্ৰশংসা-বাণী আকাশৰপৰা।
উৎসৱে নাচিল কাছি মুখ্য অপেস্বৰা॥ ৪২৯
ৰাজ-নাৰী নিৰন্তৰে বঝাইলা কান্দন্তে।
হা স্বামী বুলি আতি হিয়া ধাঙ্কুৰন্তে॥
স্বকী স্বকী স্বামীক আলিঙ্গি কান্দে ধৰি।
নয়নৰ লোতক ধাৰায়ে পড়ে ঝৰি॥ ৪৩০