পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


কৃষ্ণক দেখি মিলে মহাসুখ।
চাহাৱে ঈষত হসিত মুখ॥
সদয়-দৃষ্টি চান্ত বনমালী।
কতনো কৰিলে পুণ্য গোৱালী॥ ৪০৭
শুনিয়া সৱে পুৰ-স্ত্ৰীৰ বাণী।
দৈৱকী-বসুদেব দুয়ো প্ৰাণী॥
নজানি দুয়ো তনয়ৰ বল।
ভৈলা দুয়ো পুত্ৰ-শোকে বিহ্বল॥ ৪০৮
ঝৰিয়া পড়ে নয়নৰ নীৰ।
জমক দেখে চিত্ত নোহে স্থিৰ॥
পুত্ৰক চাই কৰে হাহাকাৰ।
দেখে দুয়ো দশোদিশে আন্ধাৰ॥ ৪০৯
দেখিয়া ভকতৰ ভয়হাৰী।
শত্ৰু বধিবাক মনে মুৰাৰি॥
কৰিলা নিষ্ঠুৰ প্ৰহাৰ ধাই।
মূৰ্চ্ছিত চাণূৰ চেতন নাই॥ ৪১০
সন্ধুকি যেন শেন গোটে উঠি।
মাৰিলে কৃষ্ণক ঝাৱলে মুঠি॥
নচলিলা হৰি পায়া প্ৰহাৰ।
ধৰিলন্ত দুই বাহুত তাৰ॥ ৪১১