পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


শ্ৰমে দুয়ো জানু জানুত হানে।
মুণ্ডত মুণ্ডে ঠেকা মাৰে টানে॥
হিয়াত হিয়া মাৰে চাট কৰি।
আঝুৰি নেয় কতো হাতে ধৰি॥ ৩৯৩
মাৰয় গলদঙ্গা হূ বুলি।
বাহুৱে আটিয়া আছাৰে তুলি॥
ছান্দিয়া হাতে পাৱে পড়ি দুই।
বাগৰ পাৰে এক পিণ্ড হুই॥ ৩৯৪
বান্ধৰ চোটে ভাগে কলেৱৰ।
এৰায়া কতোহো হোন্ত অন্তৰ॥
ক্ৰোধে চক্ষু পকাই সঘনে চান্ত।
তৰ্জ্জন্ত-গৰ্জ্জন্ত কামুৰি দান্ত॥ ৩৯৫
বলী-অবলীৰ যুদ্ধ দেখিয়া।
পুৰবাসী স্ত্ৰী নসহে হিয়া॥
অন্যো-অন্যে বোলে ইটো অকৰ্ম্মে।
ৰাজ-সমাজকো পাৱে অধৰ্ম্মে॥ ৩৯৬
ৰাজায়ো কৰাৱে অন্যায় যুদ্ধ।
আকো চাই আছে সৱে অবোধ॥
ইটো দুই মাল বজ্ৰৰ সাৰ।
মাধৱ ৰাম আতি সুকুমাৰ॥ ৩৯৭