এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
[খণ্ড ৩
কীৰ্ত্তন-ঘোষা

সত্য-যুগে যত আছিল প্ৰাণী।
কলিত জন্মিবো বোলে কৈসানি॥
হৰিনাম ঘুষি কলি-যুগত।
নিছয়ে হুইবেক লোক ভকত॥ ৪
দোষৰ নিধি কলি যদি পাপী।
আছে মহাগুণ আত তথাপি॥
কেৱলে কীৰ্ত্তনে সংসাৰ তৰি।
বন্ধ ছিণ্ডি হোৱে আপুনি হৰি॥ ৫
কলিত কীৰ্ত্তনে হোৱে ভকত।
আত পৰে লাভ নাহি লোকত॥
আমাৰ বোলে চিত্ত নেদা থাৰি।
একাদশ স্কন্ধ চোৱা বিচাৰি॥ ৬
কলিৰ লোক আতি পাপমতি।
নসাধে আন ধৰ্ম্মে আৰো গতি॥
ৰাম নাম যিটো সততে গাৱে।
সেহিসে হাততে মুকুতি পাৱে॥ ৭
দুষ্ট-চিত্তে যদি হৰি সুমৰে।
তথাপিতো তাৰ পাতক হবে॥


  • পা ৫॥ ছিণ্ডি—চুড়ি।