পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩০]
৩১৭
কংস-বধ

সদা হৰষিত মনে সৱে গোপগণে।
মল্ল-যুদ্ধ ক্ৰীড়ি গৰু চাৰি ফুৰা বনে॥ ৩৮৫
হেন জানি আসা তুমি আমি বন্ধ ধৰো।
নৃপতিৰ প্ৰীতি সাধি মল্ল–যুদ্ধ কৰো॥
সৰ্ব্ব–ভূতময় ৰাজা শাস্ত্ৰত কহয়।
ৰাজা তুষ্ট ভৈলে সৰ্ব্বজন তুষ্ট হয়॥ ৩৮৬
শুনি কৃষ্ণে দিল তাক উচিত উত্তৰ।
ভোজ নৃপতিৰ আমি প্ৰজা বনচৰ॥
তুল্য-বল সহিতে ক্ৰীড়িবো যথোচিত।
সাধিবো ৰাজাৰ যেন প্ৰীতি মনোনীত॥ ৩৮৭
কৰিবোহো বাহু-যুদ্ধ সমুচিত কৰ্ম্মে।
তেৱেসে নপাই সভাসদকো অধৰ্ম্মে॥
কৃষ্ণৰ কিঙ্কৰো কহে এড়া আন কাম।
পলাওক পাতক ডাকি বোলা ৰাম ৰাম॥ ৩৮৮


পাশ° ৩৮৬॥ সৰ্ব্বভূতময়—সাৰ্ব্বভৌমময়

( সৰ্ৱভূতময়ো নৃপঃ—ভাগ° ১০।৪৩।৩৫