পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


গোকুলত থৈলন্ত বাঢ়িলা নন্দ-ঘৰে।
পূতনাক বধিলা এহেন্তে দামোদৰে॥ ৩৮০
চক্ৰবাত দৈত্যক মাৰিলা চিপি গল।
ভাঙ্গিলা অৰ্জ্জুন মাঝে টানি উডুখল॥
অঘ বক কেশী ধেনুকৰ লৈলা প্ৰাণ।
গোপ-গৰু বনাগ্নিত কৰিলাহা ত্ৰাণ॥ ৩৮১
কালিক দমিলা গৰ্ব্ব গুচাইলা ইন্দ্ৰৰ।
সাত দিন একে হাতে তুলিয়া মন্দৰ॥
ৰাখিল গোকুল মহা বাত-বৃষ্টি হন্তে
বঢ়াইবা যাদৱ বংশ এন্তে ভগৱন্তে॥ ৩৮২
এহিতো হসিত মুখ দেখি অনুক্ষণে।
এড়াইলা বিহ-তাপ সুখে গোপীগণে॥
আনে শ্ৰেষ্ঠ এন্তে ৰাম কমল-লোচন।
প্ৰলম্ব প্ৰমুখ্যে মাৰিলাহা দৈত্যগণ॥ ৩৮৩
এহিমতে লোকে যেৱে কৰে গলাৰৱ।
বাৱন্তে আছন্ত বাদ্য বঢ়ায়া উৎসৱ॥
শুনি নসহিল তাক চাণূৰ বিবুদ্ধি।
বুলিবে লাগিল ৰাম-কৃষ্ণক সম্বোধি॥ ৩৮৪
শুনি বাহু-যুদ্ধত কুশল দুই ভাই।
দেখিবাক লাগি ৰাজা অনাইলা মতাই॥