পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


বাট যেৱে নেদ শুন দ্বন্দুৰ।
কুঞ্জৰ সমে নিবো যম-পুৰ॥
হেন শুনি পাছে অম্বষ্ট ৰাগি।
খুস্পিল হস্তীক কৃষ্ণক লাগি॥ ৩৬২
ধায় গৈল হস্তী কালান্ত-প্ৰায়।
ধৰিল কৃষ্ণক শুণ্ডে মেহ্ৰাই॥
এড়াইল আছোট কৰিয়া উঠি।
মাতঙ্গক কৃষ্ণে মাৰিল মুঠি॥ ৩৬৩
ভৰিৰ মাঝতে লুকাইল তাৰ।
ক্ৰোধিল কুঞ্জৰে আতি দুৰ্ব্বাৰ॥
নেদেখি সিটো ফোফায় যেন নাগ।
শুঙ্গি শুঙ্গি পাইল কৃষ্ণক লাগ॥ ৩৬৪
ধৰিল কৃষ্ণক শুণ্ডে মেহ্ৰাই।
বাঝ ভৈলা কৃষ্ণ বলে এড়াই॥
লাঞ্জত তাৰ ধৰি চক্ৰপাণি।
এক শত হাত নিলন্ত টানি॥ ৩৬৫
সৰ্পক আঝোৰে যেন গৰুড়ে।
কৃষ্ণক ধৰিবে চাহাৱে শুঁড়ে॥


পা° ৩৬৪॥ আতি দুৰ্ব্বাৰ-পায়া প্ৰহাৰ।