পৃষ্ঠা:Kirtan Ghosha.pdf/৩২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮
৩০৯
কংস-বধ

নগৰৰ বাজত ৰহিলা বাসা কৰি।
ৰঙ্গে ৰাম কৃষ্ণ দুই পখালিলা ভৰি॥
গোপগণ সঙ্গে লৈয়া ভুঞ্জি দধি-ভাত।
বঞ্চিলা ৰজনী সুখে সুতিয়া শয্যাত॥ ৩৪৯

ধনুৰ্ভঙ্গ ৰখীয়া সেনাৰ শুনি বধ।
নাসে নিদ্ৰা কংস ভৈল ভয়তে তবধ॥
দেখে নানা বিমঙ্গল চিত্ত নুহি স্থিৰ।
ছায়াত নেদেখে সিটো আপোনাৰ শিৰ॥ ৩৫০

ধূলি-কৰ্দ্দমত নিজ খোজক নাকলে।
আকাশতে দেখে কত দুই চন্দ্ৰ জ্বলে॥
স্বপ্নত মৃতকে ধৰি কৰে আলিঙ্গন।
গৰ্দ্দভত চড়ি কৰে বিষক ভোজন॥ ৩৫১

ওৰ-ফুল-মালা পিন্ধি হুয়া দিগম্বৰ।
তৈল খসি দক্ষিণক যায় একেশ্বৰ॥
আনো নানাবিধ বিমঙ্গল দেখে আতি।
ভয়তে নপাইলে নিদ্ৰা কংসে সিটো ৰাতি॥ ৩৫২

অনন্তৰে কংসৰায় উঠি প্ৰভাতত।
কৰাইলন্ত মল্লমহোৎসৱ ক্ৰীড়া যত॥


পা° ৩৪৯॥ বাজত-মাজত (পুৰাং•••ঈয়তুঃ-ভাগ° ১০।৪২।২৩)।