পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৮
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

তথাপি লীলায়ে বাম হাতে তুলি ধৰি।
নিমিষেকে ধনুত লগাইল গুণ হৰি॥ ৩৪৪

অপ্ৰয়াসে টানিয়া ভাঙ্গিল ধনুখণ্ড।
যেন মত্ত মাতঙ্গে ভাঙ্গিল ইক্ষুদণ্ড॥
তাৰ ঘোৰ শবদে পূৰিল দিশ-পাশ।
শুনি কংসৰায়ৰ অদ্ভুত ভৈল ত্ৰাস॥ ৩৪৫
দেখিয়া ৰখীয়া সিটো কটক কিটাইল।
অস্ত্ৰ-শস্ত্ৰ ধৰি ক্ৰোধে মাধৱক ধাইল॥
বেঢ়িলেক চতুৰ্ভিতি ধৰ মাৰ বুলি।
খঙ্গে ভগা ধনু ৰাম-কৃষ্ণে লৈলা তুলি॥ ৩৪৬

সমস্তে সেনাক মানে বধিলা দোভাই।
কংসে পঠাইলেক যিবা মাৰিলা কোবাই॥
ধনুৰ শালাৰ হন্তে বাঝ হুয়া দুই।
নগৰ চাহান্তে ফুৰে মহা হৃষ্ট হই॥৩৪৭

প্ৰভাৱে প্ৰগল্‌ভ ৰূপ দেখি নিৰুপম।
সৱে বোলে ইটো দুই দেৱতো উত্তম॥
অনন্তৰে সূৰ্য্যে পাইলা অস্তগিৰি গই।
নিৱৰ্ত্তিল ৰাম-কৃষ্ণ গোপগণ লই॥ ৩৪৮


পা ৩৪৫॥ ঘোৰ-ৰোপ