পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৬]
৩০৩
কংস-বধ

ভকতি তাৰ দেখি কৃষ্ণ-ৰাম।
বোলন্ত লৈয়োক বৰ সুদাম॥
শুনিয়া মালী বোলে জোৰ হাতে।
থাকোক অচলা ভক্তি তোমাতে॥ ৩৩২
বিষ্ণু-ভকতেসে হৈবে বান্ধৱ।
ভূত-দায়া জোনো ছাড়ো মাধৱ॥
এহি বুলি মৌন ভৈল সুদাম।
দিলন্ত সৱে বৰ কৃষ্ণ-ৰাম॥ ৩৩৩
বুলিলা আৰৰ ভক্তি তাৰ দেখি।
নেড়োক তোমাত অচলা লক্ষ্মী॥
বল আয়ু যশ দিলো সমৃদ্ধি।
সৰ্ব্বকালে হোক বংশ বৃদ্ধি॥ ৩৩৪
সুদামাক দিয়া এতেক বৰ।
বজাইলা তৈৰ ৰাম দামোদৰ॥
আনন্দে বেঢ়ি যায় গোপগণে।
হৰি হৰি বোলা সমস্ত জনে॥ ৩৩৫