পৃষ্ঠা:Kirtan Ghosha.pdf/৩০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৩]
২৯১
কংস-বধ


মৃণাল ধৱল যেন শৰীৰ।
নীল বস্ত্ৰে দেখি আতি ৰুচিৰ॥
ফণাৰ মণি কৰে তিৰমিৰি।
শৃঙ্গে সমে যেন কৈলাস গিৰি॥ ২৭৬
চৌপাশে সৰ্পগণে বেঢ়ি আছে।
তাহান কোলাত দেখন্ত পাছে॥
পৰমপুৰুষ আছন্ত বসি।
প্ৰকাশে মুখ যেন পূৰ্ণ শশী॥ ২৭৭
মেঘ-সম শ্যাম বসন পীত।
ৰত্নৰ কিৰীটি শিৰে শোভিত॥
কৰ্ণত মকৰ জ্বলে কুণ্ডল।
ধনু-সম শোভে ভ্ৰূৱ-যুগল॥ ২৭৮
অৰুণ-নেত্ৰ কমলৰ পাসি।
নুগুচৈ মুখে সদা অল্প হাসি॥
নাসা তিল-ফুল-সম সুন্দৰ।
বৰ্ত্তুল ৰাতুল চাৰু অধৰ॥ ২৭৯
পৱাল ৰত্নে যেন আছে গঢ়ি।
প্ৰকাশে দান্ত যেন কুন্দ-কঢ়ি॥
কম্বু-কণ্ঠে শোভে কৌস্তুভ-মণি।
প্ৰকাশে প্ৰভাতৰ সূৰ্য্য যেনি॥ ২৮০