পৃষ্ঠা:Kirtan Ghosha.pdf/৩০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২২]
২৮৯
কংস-বধ

ৰাত্ৰি-দিনে গাৱে হৰি-গীত।
কৃষ্ণতে অৰ্পিলে প্ৰাণ-চিত্ত॥
কায়স্থ শঙ্কৰে এহু ভণে।
হৰি-কথা শুনা সৰ্ব্ব জনে॥ ২৬৮
হৰিৰ কীৰ্ত্তন মুখে কৰা।
মাধৱৰ ৰূপ হিয়ে ধৰা॥
অল্প পুণ্যে নপাই হেন জানি।
সদা নছাড়িবা ৰাম-বাণী॥ ২৬৯
পাপীজনে হৰি নুসুমৰে।
পাতকে মুখত চেপি ধৰে॥
আনে সুমৰন্তে শুনি মৰে।
পাপে চিত্ত উচপিচ কৰে॥ ২৭০
হৰি-ধ্বনি শুনি কাণ ফাটে।
নিন্দা কৰি ফুৰে হাটে-বাটে॥
হেন জানি পাপক সংহৰি।
সদায়ে ঘুষিয়ো হৰি হৰি॥ ২৭১


পা° ২৭০॥ চেপি—চাপি।

১৯