পৃষ্ঠা:Kirtan Ghosha.pdf/২৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮০
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


কৰিবা কৰ্ম্ম যত দ্বাৰকাত।
দেখিবো আনন্দে থাকি তথাত॥
কেৱল জ্ঞান–মূৰ্ত্তি তুমি স্বামী।
তোমাত শৰণ পশিলো আমি॥ ২২৭
পৰম পুৰুষ সন্তৰ গতি।
যদু-শ্ৰেষ্ঠ হেৰা কৰো প্ৰণতি॥
আনন্দে নাৰদে এতেক কই।
গৈলন্ত কৃষ্ণত মেলানি লই॥ ২২৮
গোৱিন্দো কেশী অসুৰক মাৰি।
ব্ৰজৰ আনন্দ বঢ়াই মুৰাৰি॥
থাকিলা কৃষ্ণ নানা লীলা কৰি।
সমস্ত সমাজে বুলিয়ো হৰি॥ ২২৯

বিংশ কীৰ্ত্তন

ঘোষা॥ ৰাম বনমালী গোপাল বনমালী॥ ২০

পদ॥ গৈলন্ত নাৰদ ঋষি কংসৰ সমাজ।
 নিচিন্তি আছস কেনে এতো ভোজৰাজ॥
 তোক মাৰিবাক লাগি দেৱৰ যতন।
 দৈৱকীৰ গৰ্ভে উপজিলা নাৰায়ণ॥ ২৩০