পৃষ্ঠা:Kirtan Ghosha.pdf/২৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৯]
২৭৯
কংস-বধ

স্বৰ্গত থাকিবে নৱাৰে কেৱ।
কেশীক বধিয়া তাৰিলা দেৱ॥
প্ৰভাতে কালি মথুৰাক যাইবা।
ধোবাক মাৰিয়া ধনু ভাঙ্গিবা॥ ২২২
চাণুৰ মুষ্টিক প্ৰমুখ্যে মাল।
কুবলয়াপীড় হস্তী বিশাল॥
কংসক বধিবা জগত-স্বামী।
পৰশুই দিনা দেখিবো আমি॥ ২২৩
কালযৱনক নৰকাসুৰ।
মাৰিবাহা পাঞ্চজন্য অসুৰ॥
কৰিবা বিহা কন্যা ভগৱন্ত।
নৃগৰ শাপক কৰিবা অন্ত॥ ২২৪
সত্যভামা সমে স্যমন্ত-মণি।
পাইবাহা প্ৰভু জাম্বৱন্ত জিনি॥
মৃতক পুত্ৰক দিয়া বিপ্ৰক।
লীলায়ে বধিবা নৃপ পৌণ্ড্ৰক॥ ২২৫
কেশীক বধি কৰি বুন্দামাল।
মাৰিবা দন্তবক্ৰ শিশুপাল॥
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইবা অষ্টাদশ অক্ষৌহিণী॥ ২২৬