পৃষ্ঠা:Kirtan Ghosha.pdf/২৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


দেখি আস্ফালিলা শিঙ্গত ধৰি।
তাৰো প্ৰাণ লৈ ঘাৰ মুচৰি॥২০৯
খেদি আসিলেক কেশী অসুৰ।
হ্ৰেষণি শুনি কাম্পে গোপ-পুৰ॥
লাঞ্জৰ ছাটিত মেঘ উড়াই।
দেখিয়া প্ৰভু তাক গৈলা ধাই॥ ২১০
পাছে চণ্ড বেগে অসুৰে আসি।
হানিলেক লাঠি ভৰি উল্লাসি॥
এড়াইলা তাঙ্ক শ্ৰম কৰি হৰি।
আছাৰি পেলাইলা পাৱত ধৰি॥ ২১১
আসিল কেশী দুনাই বেন্ত বাই।
বাম বাহু তাৰ মুখে ভৰাই॥
বঢ়াইলা প্ৰভু আতি বৰ বেগে।
ভেণ্টিল গল যেন গৰ্ভ-ৰোগে॥ ২১২
ভূমিত পড়িল চেতন হৰি।
চক্ষু ওলটায়া আছাড়ে ভৰি॥
মৰিল অসুৰ ছাদি ৰুধিৰ।
বাঝ ভৈলা বাহু ফাটি শৰীৰ॥ ২১৩
কেশা-বধ দেখি হাসি হৰিষে।
ব্ৰহ্মা আদি দেৱে পুষ্প বৰিষে॥