পৃষ্ঠা:Kirtan Ghosha.pdf/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৬
২৬৯
ৰাস-ক্ৰীড়া


যাৰ উৰঃস্থলে ছটা দেখিয় লক্ষ্মীৰ।
শ্যামল মেঘত যেন বিজুলী সুথিৰ॥
হেন হৰি যেখণে বাংশীক নাদ কৰে।
গৰু-মৃগগণৰো তেখণে চিত্ত হৰে॥ ১৭৭
দান্তে তৃণ ধৰি কৰ্ণ উপৰক তুলি।
চক্ষু মুদি থাকে যেন চিত্ৰৰ পুতলী॥
আমি কেনে জীওঁ হেন কৃষ্ণক নেদেখি।
আউৰ গোপী বোলে শুনা শুনা সৱে সখী॥ ১৭৮
মাথাত ময়ূৰ-পুছ পল্লৱ কৰ্ণত।
মল্ল-বেশে হৰি গেৰু ঘষিয়া গাৱত॥
নাম ধৰি ধেনুক ডাকন্ত বাংশী-ৰাৱে।
নদীসৱো শুনি তম্ভি থাকে মৌনভাৱে॥১৭৯
আমি যেন পায় কৃষ্ণৰ পাদ-ৰেণু।
কম্পাৱে তৰঙ্গ-হস্ত প্ৰেমে পুনু পুনু।
কতো গোপা বোল সখী সৱে শুন শুন।
গোপগণে যেখণে বৰ্ণাৱে কৃষ্ণ-গুণ॥ ১৮০
বাংশীৰ নিম্বনে হৰি ডাকি আনা ধেনু।
শুনি তৰু-লতা প্ৰেমে পুলকিত-তনু॥
ফল-ফুল-ভৰে নম্ৰ হুয়া মধু স্ৰৱে।
ভৈল আত্মা সাক্ষাতে বৃক্ষৰ ভাৱে কৱে॥ ১৮১