পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৫]
২৬৭
ৰাস-ক্ৰীড়া


মোহিলা গোপক কৃষ্ণৰ মায়া।
কাছতে আছে দেখে নিজ জায়া॥
নকৰে অসূয়া কৃষ্ণক কেৱ॥
কায়-মনে সৱে কৰন্ত সেৱ॥ ১৬৯
যেৱে হৈবে খোজে প্ৰভাত ৰাতি।
বোলন্ত যায়োক গোপীক মাতি॥
কৃষ্ণক এড়িবে নাহিকে মন।
আসুখে গৃহক কৰে গমন॥ ১৭০
ইটো ৰাস-ক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনে যিটো নৰ॥
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কাম-সাগৰে সুখে হৈবে পাৰ॥ ১৭১
ইটো কাম-জয় কৃষ্ণৰ কথা।
শুনা নৰ-দেহ নকৰা বৃথা॥
কৃষ্ণৰ কিঙ্কৰে কহে প্ৰলাপ।
বোলা হৰি হৰি হৰোক পাপ॥ ১৭২