পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


ঈশ্বৰ সুহি যিটো মূঢ়-মতি।
ইকৰ্ম্ম কৰি যাইবে অধোগতি॥
হৰক দেখি বিষ খায় আনে।
সিজনে যেন মৰি যায় প্ৰাণে॥ ১৬৪
দেহত যাৰ নাহি অহঙ্কাৰ।
তাহাৰ কৰ্ম্মত গুচে বিচাৰ॥
জগতৰে হৰি পৰম-ঈশ।
ইকৰ্ম্মে তাহাঙ্ক কৰিবেক কিস॥ ১৬৫
যাৰ পাদ-পদ্ম চিন্তি সাম্প্ৰতে।
ছিণ্ডে কৰ্ম্ম-বন্ধ হেলে ভকতে॥
ধৰিছা লীলা-তনু হেন হৰি।
শুনা কথা তান্ত সংশয় এড়ি॥ ১৬৬
জগত-অন্তৰ্য্যামী নাৰায়ণ।
তান কোন পৰ-দাৰ-গমন॥
যাহাৰ স্মৰণে পাতক মোষে।
তাষ্ণ কি কৰিব ইসৱ দোষে॥ ১৬৭
শৃঙ্গাৰ-ৰসে যাৰ আছে ৰতি।
আকে শুনি হৌক নিৰ্ম্মল মতি॥
ভকতৰ পদে আপুনি হৰি।
ক্ৰীড়িলা ৰঙ্গে নৰ-দেহ ধৰি॥ ১৬৮