পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


কৃষ্ণক আৱৰি গোপাসকল।
হাসিয়া সিঞ্চে যমুনাৰ জল॥
বন-পদ্ম চায়া এক-দৃষ্টি।
কৰিলা দেৱে দেখি পুষ্প-বৃষ্টি॥ ১৫৬
জলত গোপীক কৃষ্ণে ক্ৰীড়িলা।
ভ্ৰমন্ত যেন গজেন্দ্ৰৰ লীলা॥
গোপাগণ লৈয়া উঠিলা পাছে।
ভ্ৰমন্ত বনে যমুনাৰ কাছে॥ ১৫৭
জলে-স্থলে পুষ্প-সুৰভি বাসে।
চৌপাশে গোপী চলে লয়লাসে॥
ভ্ৰমৰে যোগান ধৰে গুঞ্জৰি।
কৰিলা ৰাস-ক্ৰীড়া দেৱ হৰি॥ ১৫৮
এহিমতে যত শৰত ৰাতি।
শশাঙ্কে ধৱল শীতল আতি।
সৱাতো ক্ৰীড়িলা গোপী সহিত।
বিস্ময় হুয়া পুছে পৰীক্ষিত॥ ১৫৯
ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি।
ইকাৰ্য্যে ভৈলা অৱতাৰ আসি॥


পা° ১৫৮॥ বাসে— ভাসে।