পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

এহিমতে গোবিন্দে নৃত্যৰ দেন্ত ভঙ্গি।
কতো গোপিকাক গৈয়া ধৰন্ত আলিঙ্গি॥
কতো গোপিকাৰ কৰে পৰশন্ত তন।
কটাক্ষে নিৰেখি কাকো কৰন্ত চুম্বন॥ ১৪৭
আপোন লাৱণ্য-কলা কৌশল-সুগন্ধি।
সমস্তে গোপীত অৰ্পি ক্ৰীড়িলা প্ৰবন্ধি॥
নপাৰিলা গোপীগণে মুহিবে কৃষ্ণক।
ছায়ায়ে সহিতে যেন উমলে বালক॥ ১৪৮
কৃষ্ণৰ ক্ৰীড়াত বিমোহিত গোপ-বালা।
খসে অলঙ্কাৰ কাৰো ছিণ্ডি পৰে মালা॥
সোলকয় খোপ নবান্ধয় তাকো তুলি।
নসম্বৰে বস্ত্ৰ কতো কুচৰো কাঞ্চলি॥ ১৪৯
দেৱ-নাৰীগণে দেখি কেশৱৰ কেলি।
মোহ হুয়া পড়ে বিমানত ঢলি ঢলি॥
ক্ৰীড়া দেখি চন্দ্ৰো কামে বিমোহিত আতি।
তম্ভাইলন্ত ৰথ নুপুহায় সিটো ৰাতি॥ ১৫০
যত গোপা তত কৃষ্ণ হুয়া কৰি ক্ৰীড়া।
সমস্তে গুচাইল গোপিকাৰ কাম-পীড়া॥
পূৰ্ণ-কাম হৰি ভৈলা ভকতিত বশ্য।
হৰি হৰি বুলি তৰা কহিলো ৰহস্য॥ ১৫১