পৃষ্ঠা:Kirtan Ghosha.pdf/২৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


এহিমতে নৃত্য-গীতে কৃষ্ণক তুষিল।
সাধু সাধু বুলিয়া মাধৰে প্ৰশংসিল॥১৩৮
তাসম্বাকো বহুমান দিলন্ত মাধৱ।
আনন্দে আকুল মিলে মনে মহোৎসৱ॥
গোপীৰ বৃত্তান্ত কথা শুনা আত পৰে।
বোলা হৰি হৰি সামাজিকে নিৰন্তৰে॥ ১৩৯

ত্ৰয়োদশ কীৰ্ত্তন

ঘোষা॥ পদ্মপাণি গোপী-ৰঞ্জন দুঃখ-ভঞ্জন দেৱ।
 তোমাৰ চৰণ বিনা গতি নাহি কেৱ॥১৩

পদ॥ কতো গোপা ভৈলা আতি ভাগৰে আকুল।
 সোলকয় বলয়া খোপাৰ খসে ফুল॥
 কৃষ্ণতে আউজি জিৰাৱয় কৰি কেলি।
 আতি প্ৰীতি কন্ধত ধৰিয়া বাহু মেলি॥ ১৪০
 উৎপল সুগন্ধি কৃষ্ণ-বাহু কন্ধে লই।
 ঘনে ঘনে আনি গোপ-ৰমণী সুঙই॥
 ৰোমাঞ্চিত তনু আনন্দিত আতি মন।
 ভোল হুয়া দেয় কৃষ্ণ বাহুত চুম্বন॥ ১৪১