পৃষ্ঠা:Kirtan Ghosha.pdf/২৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
২৫১
ৰাস-ক্ৰীড়া


যেৱে দিৱসত তুমি ফুৰা বৃন্দাবনে।
তোমাক নেদেখি যুগ যায় অৰ্দ্ধক্ষণে॥
সন্ধ্যাত তোমাৰ মুখ দেখি এড়াওঁ ক্লেশ।
কিনো মন্দ ব্ৰহ্মা তাতো স্ৰজিলা নিমেষ॥ ৯৮
তযু গীতে আতি মন মুহিল আমাৰ।
পতি পুত্ৰ ভ্ৰাতৃকো কৰিলো পৰিহাৰ॥
আমাৰ সাধিবা গতি মনে হেন মানি।
তোমাৰ সমীপ পাইলো প্ৰভু চক্ৰপাণি॥ ৯৯
তুমি বিনা আছে আৰ ধূৰ্ত্ত কোন জন।
মাতি আনি নিশাত এড়িলা নাৰীগণ॥
কাহাক দুষিবো ই সি অভাগ্য কপাল।
আমাৰ হৃদয়-ৰোগ গুচায়ো গোপাল॥ ১০০
তোমাৰ সুমৰি সিটো ৰহস্য-আলাপ।
কৰে কামানলে আতি হৃদয়ত তাপ॥
লক্ষ্মীৰ নিৱাস সিটো দেখি উৰঃস্থল।
দুনাই দুনাই হোৱে মন আমাৰ বিহ্বল॥ ১০১
ব্ৰজৰ জনৰ দুঃখ হৰিবাক প্ৰতি।
ভৈলা অৱতাৰ হৰি তোমাৰ সম্প্ৰতি॥
হেন জানি ক্ষণিকো নেড়িবা যদুৰায়।
তোমাক নেদেখি হেৰা প্ৰভু প্ৰাণ যায়॥ ১০২