পৃষ্ঠা:Kirtan Ghosha.pdf/২৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

চক্ষু মুদি থাকা সৱে সাধিবো কল্যাণ।
মঞি কৃষ্ণে এতিক্ষণে নিবো নিজ থান॥ ৬৫
কেহো বোলে দেখ দেখ দধিৰ বিলাই।
ভাণ্ড ভঙ্গা কৃষ্ণক ধৰিলো লাগ পাই॥
আৰ যেন নখাস লৱনু চুৰি কৰি।
উড়ুখলে বান্ধে কতো গোপিকাক ধৰি॥ ৬৬
এহিমতে কৃষ্ণ-চেষ্টা কৰে গোপীগণে।
কৃষ্ণক খোজন্তে ফুৰে পশি বৃন্দাবনে॥
দেখিল কৃষ্ণৰ খোজচয় পৃথিৱীত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত॥ ৬৭
পাছে সৱে গোপিকা পঞ্জাল নেয় গুড়ি।
দেখৈ কৃষ্ণ-খোজে স্ত্ৰীৰ খোজ আছে পড়ি॥
দেখি দুঃখে অধিকে আকুল ভৈল মন।
বোলা হৰি হৰি আছে যাৱত চেতন॥৬৮


পা° পদ ৬৭॥ খোজতে⸺সোধন্তে।