পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫ ]
২৩৭
ৰাস-ক্ৰীড়া

মিলি আছে আতি আনন্দ-ভাৱ।
দেখাে ৰােমাঞ্চিত তােমাৰ গাৱ ॥ ৫২
পূৰ্ব্বতো বাৰাহে আছে আলিঙ্গি।
তুমি সৰ্ব্ব কালে কৃষ্ণৰ সঙ্গী॥
দেখিছা কৃষ্ণক জানাে নিশ্চয়।
কহিয়াে আমাত হুয়াে সদয় ॥ ৫৩
মৃগ-পত্নী সখী দেখিলা হৰি।
তােমাৰ নেত্ৰৰ আনন্দ কৰি ॥
যান্ত প্রিয়া-সমে গতি-বিলাসে।
হেৰ কুন্দ-গন্ধ-কুঙ্কুম বাসে ॥ ৫৪
কতো গােপী বােলে শুনিয়াে বাণী।
লতাতে কৃষ্ণৰ পুছো কাহিনী॥
কৃষ্ণৰ নখৰ পৰশ পাই।
দেখা পুলকিত সমস্তে কায়॥ ৫৫
বােলে বাক্য সৱে উন্মত্তভাবে।
কৃষ্ণক বনত বিচাৰি চাৱে॥
কৃষ্ণ-গুণ গান্তে প্রেম উপজৈ।
কৃষ্ণতে মন সমুদায় মজৈ।॥৫৬


পাঁ ৫৪॥ ৰাসে-ভাসে