পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫ ]
২৩৫
ৰাস-ক্ৰীড়া

হৰিল চিন্তু পাসৰিল মৰ্ম্ম।
কৰিবে লাগিলা কৃষ্ণৰ কৰ্ম্ম॥৪৩
কৃষ্ণৰ ঠানে কৰৈ লীলা-গতি।
সদয় হাস্যে চাৱৈ কাকো প্ৰতি॥
মঞিসি কৃষ্ণ দেখ গোপীগণ।
অন্যে-অন্যে গোপী বোলৈ বচন॥ ৪৪
একত্ৰ হুয়া মহাপ্ৰেমভাবে।
গোৱিন্দ-গুণ গাৱে আৰ্ত্তৰাৱে॥
বিচাৰি ফুৰে পশি বৃন্দাবনে।
কৃষ্ণ কৃষ্ণ বুলি উম্মত্ত মনে॥ ৪৫
যিটো হৰি আছা জগত ব্যাপি।
বৃক্ষত তাঙ্ক সোধৈ পাশ চাপি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ৪৬

পঞ্চম কীৰ্ত্তন

ঘোষা॥ কৈত পাইবো প্ৰাণ-গোপাল আমি।
হৰাইল অৰুণ-লোচন স্বামী॥ ৫
পদ॥ উচ্চ বৃক্ষ দেখি সোধে সাদৰি।
শুনিয়ো অশ্বত্থ বট পাকড়ি॥