পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাসিয়া বোলন্ত এড়িয়ো তাপ।
গোপীক ক্ৰীড়িলা জগত-বাপ॥ ৩৩
কৃষ্ণৰ সদয় দৃষ্টিক দেখি।
প্ৰফুল্ল-মুখ ভৈল সৱে সখী॥
দৰশি লীলা ভাৱ-ভ্ৰূভঙ্গে।
কৃষ্ণৰ চৌভিতি বেঢ়িলা ৰঙ্গে॥ ৩৪
গোপীৰ মধ্যে শোভে দামোদৰ।
তাৰাৰ মধ্যে যেন শশধৰ॥
গলত অম্লান পঙ্কজ-মালা।
বেড়িয়া গুণ গাৱে গোপ-বালা॥ ৩৫
আপুনি গাৱন্ত গীত মোহন।
ফুৰন্ত ৰঞ্জি দিব্য বৃন্দাবন॥
যমুনা-বালি দেখি সুকোমল।
পদ্মগন্ধী ৰাতে আতি শীতল॥ ৩৬
গোপীগণ লৈয়া নামিলা তাত।
কৰিলা ক্ৰীড়া কৃষ্ণে অসংখ্যাত॥
বাহু মেলি কাকো আলিঙ্গে ধৰি।
কাৰো তন নখে পৰশে হৰি॥ ৩৭
মুখ চায়া কাৰো তোলন্ত হাস।
মাতন্ত কাকো কৰি পৰিহাস॥