পৃষ্ঠা:Kirtan Ghosha.pdf/২৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নলাগে পতি পুত্র দুঃখ-হেতু।
হুয়োক প্রসন্ন গৰুড়-কেতু॥
কৰিছে আশা যিটো চিৰকাল।
নকৰিয়ো তাক ভজ গােপাল॥ ২৫
হৰিলা চিত্ত নথাকয় ঘৰে।
হস্ত দুই গৃহ-কৃত্য নকৰে॥
তােমাক এড়িয়া নচলৈ ভৰি।
ব্রজক গৈয়া কি কৰিবো হৰি॥ ২৬
জ্বলে কামানলে তােমাৰ গীতে।
নিমায়ােক তাক অধৰামৃতে॥
নুহি বিৰহতে দহিয়া তনু।
লভিবাে তােমাৰ সমীপ পুনু ॥ ২৭
হুয়ােক প্রসন্ন জগনিৱাস।
সৱ তেজি কৈলাে তােমাতে আশ॥
নমাৰা পুলিয়া ঈষত হাসি।
পুৰুষ-ভুষণ কৰিয়াে দাসী ॥ ২৮
অলকে আবৃত তােমাৰ মুখ।
অধৰ-সুধাক দেখন্তে সুখ॥
ধ্রুৱ-যুগ তযু ঈষত হাসি।
দেখি তাক প্ৰভু ভৈলােহো দাসী॥ ২৯