পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
২২৭
ৰাস-ক্ৰীয়া

যাইবে নপাই গৃহ-মধ্যে কতাে গােপগণ।
মনে ধৰি কৰিল কৃষ্ণক আলিঙ্গন॥
অনেক জন্মৰ কৰ্ম্ম-বন্ধ কৰি ক্ষীণ।
এড়ি তনু তেখণে কৃষ্ণতে গৈল লীন ॥ ৯
পুছে পৰীক্ষিতে শুনি মিলিল সংশয়।
জাৰ-বুদ্ধি মাধৱক সেৱৈ গােপীচয় ॥
তথাপি মােক্ষক পাইলে কিনাে বিপৰ্য্য়য়।
বােলা হৰি হৰি হোক পাপৰ প্ৰলয়॥ ১০

দ্বিতীয় কীৰ্ত্তন

ঘােষা॥ ভৱ-হাৰী হৰি তাৰহু মুকুন্দ মুৰাৰি।
 জনম মৰণ ক্লেশ সহিতে নপাৰি॥২


পদ॥ শুক নিগদতি ৰাজা শুনা মহাশয়।
 গােপিকাৰ মােক দেখি নুহিবা বিস্ময়॥
 দ্বেষ্য কৰি শিশুপালে লড়িল মুকুতি।
 বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি॥ ১১


 পা* ১০ ॥ মোক্ষক-কৃষ্ণক

 ঘোষা ২॥ ভৱ-হাৰী হৰি—ভৱ-ভয়-হাৰী৷