পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

কৰ্ণত কুণ্ডল দোলে বেগতে হাণ্ঠিতে।
চিত্তত ধৰিলা কৃষ্ণে চলে অলক্ষিতে॥
কতো গোপা যায় গাই দোহনক এড়ি।
আখতে থাকিল দুগ্ধ চৰু সৈতে পড়ি॥৪
পিয়ন্তে আছিল শিশু তাহাকো নগণি।
পতি-শুশ্ৰূষাকো এড়ি যায় কতো জনী॥
কতো গোপী আছিল স্বামীৰ পৰিশন্তে।
আধা ভুঞ্জা হুয়া কতো যায় লৱড়ন্তে॥ ৫
কৃষ্ণৰ শ্ৰৱণে যেন হৰি-দাসগণে।
এড়ে কাম্য কৰ্ম্ম সৱে তদগত মনে॥
কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন।
পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ॥ ৬
হাতত নূপুৰ আড়ে কঙ্কালত হাৰ।
কৰি বিপৰ্য্যয় পিন্ধে বস্ত্ৰ-অলঙ্কাৰ॥
তথাপি কৃষ্ণক পাইলা গোপিকাসকল।
ভকতৰ কৰ্ম্ম যেন নভৈল বিফল॥ ৭
নিবাৰয় পতি পুত্ৰ ভ্ৰাতৃ আগ ভেণ্টে।
গোৱিন্দে হৰিল চিত্ত তথাপি নুলটে॥
বিমোহিত হুয়া সৱে লৱড়ে গোপিনী।
হৰি-ভকতক যেন নলঙ্ঘে বিঘিনি॥ ৮