পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাদশ খণ্ড

প্ৰথম ভাগ

ৰাস-ক্রীড়া

প্ৰথম কীৰ্ত্তন

ঘােষা॥ বােলা হৰি ৰাম মুকুন্দ মুৰাৰি।
বিনা হৰি-নামে ভৱ তৰিতে নপাৰি॥১

পদ॥ শুক মুনি বদতি শুনিয়াে পৰীক্ষিত।
কহো ৰাস-ক্রীড়া-কথা কৃষ্ণৰ চৰিত॥
শৰত কালৰ ৰাত্ৰি আতি বিতােপন।
ৰাস-ক্রীড়া কৰিতে কৃষ্ণৰ ভৈল মন॥ ১
ভৈলন্ত উদিত চন্দ্র পূৰ্ব্ব দিশ হন্তে।
কামাতুৰা স্ত্রীৰ যেন সন্তাপ মাৰ্জ্জন্তে॥
অখণ্ড-মৃগুল চন্দ্র দেখিলন্ত হৰি।
কুঙ্কুমে অৰুণ লক্ষী-মুখ-পদ্ম-সৰি॥ ২
বনকো দেখিলা চন্দ্র-ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত॥
শুনি কামে উত্ৰাৱল হুয়া গােপগণে।
দিলেক লৱড় গীত-ধ্বনি-নিৰীক্ষণে॥ ৩

১৫