পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১১]
২২৩
শিশু-লীলা

এহিমতে সৱে এড়ায়া শোক।
ৰজনী ভৈল জানি সৱে লোক॥ ১৫৭
যমুনা-তীৰত বঞ্চিল ৰাতি।
ক্ষুধায়ে তৃষায়ে পীড়িলে আতি॥
ঘুমটি গৈলা হাৰাশাস্তি হুই।
বেঢ়িয়া বনত লাগিল জুই॥ ১৫৮
অগনিৰ তাপে পাইলেক গাক।
জাগিল সৱে গোপ-গোপীঝাক॥
বহ্নিক দেখি ভৈলা সৱে ত্ৰাস।
ত্ৰাহি কৃষ্ণ বুলি পাড়ে আটাস॥ ১৫৯
বহ্নিত সৱে পুড়ি মৰো আমি।
প্ৰাণ-দান দিয়া জগত-স্বামী॥
তুমি বিনা আন নাহি বান্ধৱ।
ভকতজনক ৰাখা মাধৱ॥ ১৬০
এহি বুলি সৱে কৰে কোলহাল।
বান্ধৱৰ দুঃখ দেখি গোপাল॥
ভয় নাই বুলি আপুন মুখে।
পিলা বনাগ্নিক পৰম সুখে॥ ১৬১
এড়াইল সমন্তে দুৰ্ঘোৰ ভয়।
অনন্তৰে ভৈল সূৰ্য্য উদয়॥