পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
[খণ্ড ১০
কীৰ্ত্তন-ঘোষা

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
হৰি হৰি বােলা সমস্ত জনে॥ ১৫৩

একাদশ কীৰ্ত্তন

ঘােষা॥ ৰাম গােৱিন্দ মুকুন্দ মুৰাৰি॥ ১১
পদ ॥ ভৈল হ্রদ সিটো নিৰ্ম্মল জল।
দেখিয়া সৱে ভৈলা কৌতুহল ॥
সপুত্র-বান্ধৱে গুচাইলা কালি ।
তীৰক পাছে গৈলা বনমালী॥ ১৫৪
দেখিয়া যশােদা ধৰিলা গলে।
পুত্র পুত্র বুলি নেত্ৰৰ জলে॥
তিয়াইলা কৃষ্ণৰ সৱে শৰীৰ।
নন্দো ধৰি আসি ঘ্ৰাণিলা শিৰ॥ ১৫৫
কৃষ্ণক আলিঙ্গি আনন্দ পাইল।
নাছিল প্রাণ দুনাই যেন আইল ॥
বেঢ়ি গােপ-গােপা চাৱে নিৰীক্ষি।
জুড়াইল শৰীৰ কৃষ্ণক দেখি॥ ১৫৬
ভাই বুলি বলো সাবটি আসি।
প্ৰভাৱ জানিয়া তুলিলা হাসি॥