পৃষ্ঠা:Kirtan Ghosha.pdf/২৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০]
২২১
শিশু-লীলা

যাহাক লক্ষ্মীদেৱী বাঞ্ছা কৰি।
আচৰিল তপ ব্ৰতক ধৰি॥ ১৪৮
যিটো পদ-ৰজ ভকতে পাই।
এৰে সাৰ্ব্বভৌম-পদতো দায়॥
স্বৰ্গ ব্ৰহ্ম-পদে নকৰৈ বাঞ্ছা।
নকৰন্ত যোগ-সিদ্ধিকো ইছা॥ ১৪৯
মোক্ষতো অভিলাষ নাহি হৰি।
তোমাৰ চৰণ-ৰেণুক এড়ি॥
পৰম ক্ৰোধী হুয়া ক্ৰুৰ-মতি।
হেন পদ-ধূলা পাইলেক পতি॥ ১৫০
নপান্ত ব্ৰহ্মা আদি দেৱে যাক।
হেন জানি নাথ ৰাখা ইহাক॥
চৰণে প্ৰণামো হুয়ো সন্তোষ।
বাৰেক আৰ মৰষিয়ো দোষ॥ ১৫১
কৰিয়ো দায়া প্ৰভু এড়ৈ প্ৰাণ।
অনাথ স্ত্ৰীক দিয়ো স্বামী দান॥
কৰিল অনেক তুতি ভকতি।
শুনি-তুষ্ট ভৈলা জগতপতি॥ ১৫২
প্ৰাণে নামাৰিলা তাতেসে থাকি।
কালিক খেদাইলা হ্ৰদৰ ডাকি॥