এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় খণ্ড

নাম-অপৰাধ

প্ৰথম কীৰ্ত্তন

ঘোষা॥ কৰিয়ো হৰিৰ চৰণে ৰতি৷
  কলিত হৰিৰ নামেসে গতি॥ ১


পদ॥ পদ্ম-পুৰাণৰ স্বৰ্গ-খণ্ডত।
 নিৰূপি আছে কলি-ধৰ্ম্ম যত॥
 তাক শুনা আৱে একান্ত চিতে।
 যাৰ ইচ্ছা আছে ভৱ তৰিতে॥ ১
 আছে চাৰি সিদ্ধ জ্ঞানী পৰম।
 ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম॥
 তাসম্বাক পায়া নাৰদ ঋষি।
 পুছিলা সংশয় কথা হৰিষি॥ ২
 ঈশ্বৰ ভগৱন্ত কৃপাময়।
 কহিছা যিটো মহা পাপচয়॥
 কেনমতে হোৱে বিনাশ তাৰ।
 কলিত কোন পুণ্যে পাই পাৰ॥ ৩