পৃষ্ঠা:Kirtan Ghosha.pdf/২২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৬
[খণ্ড ১৬
কীৰ্ত্তন-ঘোষা

জল-ক্ৰীড়া কৰা বাহু আস্ফালি।
ক্ৰোধে খেদি আসি দেখিলে কালি॥
তসু সুকুমাৰ জলদ-শ্যাম।
প্ৰকাশে পীত-বস্ত্ৰে অনুপাম॥ ১২৫
কমল-লোচন মুখ প্ৰসন্ন।
মুকুতাৰ শাৰী-সম দৰ্শন॥
উন্নত নাসা মুখে মন্দ হাস।
কণ্ঠত কৌস্তুভে কৰে প্ৰকাশ॥ ১২৬
হিয়াত জিলিমিলি কৰৈ কান্তি।
মধ্যতে জ্বলৈ শ্ৰীবৎসৰ পান্তি॥
আজানু-লম্বিত বাহু দুখান।
চাৰু উৰু কৰ কটি সুঠান॥ ১২৭
জঙ্ঘা দুইক দেখি মিলে সন্তোষ।
দুখানি পাৱ নৱ পদ্ম-কোষ॥
আনন্দে জলক ফুৰা আউডালি।
মৰ্ম্ম-স্থলে আসি দংশিল কালি॥ ১২৮
নজানি তোমাৰ পাপী প্ৰভাব।
লাঞ্জে মেহ্ৰাইলেক সমস্তে গাৱ॥
বিষ লাগি পড়ি থাকিলা ঘুমি।
মনুষ্য-চেষ্টাক দেখায় তুমি॥ ১২৯