পৃষ্ঠা:Kirtan Ghosha.pdf/২২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
২১৫
শিশু-লীলা


কালি-দমন অনুখণ্ড

নৱম কীৰ্ত্তন

ঘোষা॥ গোপাল ৰাম কৃষ্ণ বনমালী।
মাৰিলা অসুৰ দমিলা কালি॥ ৯

পদ॥ গোপ-শিশু সঙ্গে গৈলা বঝাই।
আগত গোধন বাংশী বজাই॥
চাৰন্তে ফুৰন্তে গৰু গোৰক্ষ।
পাইলা যমুনাৰ তীৰৰ লক্ষ॥ ১২১
কালিৰ হ্ৰদক তাক নজানি।
তৃষাত সৱে পিলে বিষ-পানী॥
দাৰুণ বিষৰ লাগিল জাল।
মৰিল সৱে বৎস বৎসপাল॥ ১২২
দেখিয়া কৃষ্ণ অসন্তোষ পাইল।
অমৃত নয়নে চাহি জীয়াইল॥
কালিক দমিবে কৰি যতন।
কটিত বান্ধিলা পীত বসন॥১২৩
উঠিলা উচ্চ কদম্বৰ গাছে।
হ্ৰদৰ মাজে জাম্প দিলা পাছে॥
ঢউ উথলিল খলকি হ্ৰদ।
দশোদিশে গৈল তাৰ শবদ॥ ১২৪