পৃষ্ঠা:Kirtan Ghosha.pdf/২২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮ ]
২১৩
শিশু-লীলা

শৰীৰক মঞি বুলি বুদ্ধি ভৈল হত।
হিয়াতে হইলা তুমি খোজৈ বাহিৰত॥ ১১২
বৃন্দাবনে তৃণ হৈবো তেৱে মহাভাগ।
পাইবো ব্ৰজবাসীৰ চৰণ-ৰেণু লাগ॥
আজিও বিচাৰে পদ-ৰজ বেদগণ।
হেন হৰি ভৈল ব্ৰজবাসীৰ জীৱন॥ ১১৩
মাৰিবাক দিলা তন পূতনা পাপিষ্ঠী।
দিলাহা মুকুতি তাইতো পড়িল সুদৃষ্টি॥
ব্ৰজবাসী তোমাতে অৰ্পিলে প্ৰাণ-বিত্ত।
আক আৰ কিবা দিবা খেদ কৰে চিত্ত॥ ১১৪
তাৱে ৰাগ লোভ ক্ৰোধ পুৰুষৰ চোৰ।
তাৱে গৃহ-বাস বন্দীশাল মহা ঘোৰ॥
মোহচয় ভৰিৰ নিহল হোৱে তাৱে।
তোমাত ভকতি নৰে নতু কৰৈ যাৱে॥ ১১৫
তোমাৰ আগত কিবা বোলো বহু বাক।
যিটো বোলে জানো প্ৰভু নজানে তোমাক॥
কায়-বাক্য-মনে মঞি কৰিলোহো সাৰ।
তযু মায়া-বিভৱৰ নপাওঁ কিছু পাৰ॥ ১১৬
জানিবাহা প্ৰভু মঞি তোমাৰ কিঙ্কৰ।
তযু চৰণত সমৰ্পিলো কলেৱৰ॥