পৃষ্ঠা:Kirtan Ghosha.pdf/২২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
[খণ্ড ১০
কীৰ্ত্তন-ঘোষা

অজ্ঞৰ ক্ষমিয়ো দোষ জগত-নিৱাস।
এহি কৃপা কৰা যেন বোলা তযু দাস॥ ১০৭
গৰ্ভত থাকন্তে উদৰত ঘালে পাৱে।
তাৰ অপৰাধক নধৰে যেন মাৱে॥
তোমাৰ কুক্ষিত আমি আছো চৰাচৰ।
হেন জানি ক্ষমিয়োক দোষ দামোদৰ॥ ১০৮
ইটো ব্ৰহ্ম-পদ প্ৰভু আমাক নলাগে।
কীট-পতঙ্গত জন্ম হোক কৰ্ম্ম-ভাগে॥
তোমাৰ ভক্তৰ মাঝে হুয়া একজন।
সেৱা কৰি থাকো প্ৰভু তোমাৰ চৰণ॥ ১০৯
কিনো ধন্য ধেনু গোপী ইটো গোকুলৰ।
যাৰ তন-পানে তৃপ্তি ভৈলা দামোদৰ॥
অশ্বমেধ আদি কৰি মহাযজ্ঞ যত।
তোমাক তুষিবে কেহো নুহিকে শকত॥ ১১০
কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ।
তুমি পূৰ্ণব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ।
কিনো পুণ্য কৈল গোকুলৰ বৃক্ষ তৃণে।
তোমাৰ চৰণৰেণু পাৱে প্ৰতি দিনে॥ ১১১
দেখা সৰ্ব্বলোক কেন অজ্ঞানী বৰ্ব্বৰ।
তুমি অন্তৰ্য্যামী তোমাকেসে বোলৈ পৰ॥