পৃষ্ঠা:Kirtan Ghosha.pdf/২১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
খণ্ড ১০
কীৰ্ত্তন-ঘোষা।


অমৃত-নয়নে চাইলা হৰি।
জীল সৱে গোৰক্ষ দামুৰি॥ ৮৮
ৰঙ্গে বাঝ ভৈলা বংশী বাই।
ফুৰা সৱে দামুৰি চৰাই॥
ব্ৰহ্মা আসি কৰিলন্ত চুৰি॥
নিলে সৱ গোৰক্ষ দামুৰি॥ ৮৯
মায়া কৰি থৈলেক গহ্বৰে।
কাহাকো নেদেখি দামোদৰে॥
ব্ৰহ্মা নিলা জানিলাহা গুণি।
ভৈল গৰু গোৰক্ষ আপুনি॥ ৯০
নিচিনিয়া গোৱালী গোৱালে।
এদিনাতো কৰি প্ৰতিপালে॥
ব্ৰহ্মা আসি দেখিলন্ত পাছে।
গোৰক্ষ দামুৰি সৱো আছে॥ ৯১
পৰম বিস্ময়ে আছে চায়া।
কৰিলাহা প্ৰভু পাছে মায়া॥
গোৰক্ষ-দামুৰি-ৰূপ এৰি।
ভৈল সৱে চতুৰ্ভুজ হৰি॥ ৯২
সজল জলদ যেন শ্যাম।
সৱে পীত বস্ত্ৰে অনুপাম॥