পৃষ্ঠা:Kirtan Ghosha.pdf/২১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
২০৩
শিশু-লীলা

হাসিলন্ত কোনে হেন কৰিলেক বুলি।
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি॥ ৬৬

কিনো আতি নন্দ যশোদাৰ মহাভাগ।
পূৰ্ণব্ৰহ্ম তোমাক গৃহতে পাইলা লাগ॥
ভকতৰ আনন্দ বঢ়ায়া সৰ্ব্বক্ষণে।
শিশু-লীলা অনেক কৰিলা নাৰায়ণে॥ ৬৭

কেহো বেলা গোপীগণে পাঞ্চে গায়া গীত।
তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য॥
মালড়ি কৰাহা কতো গোপৰ বচনে।
ছায়া-পুতলাক যেন নচায়া যতনে॥ ৬৮

কেহো বেলা গোপিকাৰ শুনি আজ্ঞা-বাণী।
পাদুকা-পীহ্ৰাক প্ৰভু ধৰি থাকা আনি॥
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত।
ভকতৰ বশ্য হেন দেখায়া লোকত॥ ৬৯

কোনে ফল লৈবে বুলি ডাকিল পসাৰী।
ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি॥
তোমাৰ হস্তত ভৰি দিল ফল বাছি।
সুৱৰ্ণ ৰজত-তাইৰ উপচিল পাচি॥ ৭০


পা* পদ ৭০॥ ফল তুমি খুজিলা—হাত পাতি থাকন্ত ৷