পৃষ্ঠা:Kirtan Ghosha.pdf/২১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ কীৰ্ত্তন ৪]
২০১
শিশু-লীলা

হেন দেখি আৰো জৰী আনি।
যশোদা বান্ধন্ত টানি টানি॥
শৰীৰৰ বল দিয়া আঁটে।
তথাপি আঙ্গুলা দুই নাটে॥ ৫৮
গৃহত যতেক পাইলা জৰী।
এহিমতে জোড়ান্ত সুন্দৰী॥
উড়ুখলেয়েৰে বান্ধে চাপি।
নাটে দুই আঙ্গুলা তথাপি॥ ৫৯
হেন দেখি হাসে গোপীগণে।
যশোদা বিস্ময় ভৈলা মনে॥
শৰীৰৰ ঘৰ্ম্ম যায় বহি।
হাসিয়া থাকিলা শ্ৰমে ৰহি॥ ৬০
হেন দেখি প্ৰভু নাৰায়ণ।
স্নেহে লৈলা আপুনি বন্ধন॥
জগতৰ আপুনি ঈশ্বৰ।
তুমি বশ্য ভৈলা ভকতৰ॥ ৬১
ব্ৰহ্মা লক্ষ্মীদেৱী মহাদেৱে।
নপাইলা আনন্দ হেন কেৱে॥
যশোদা প্ৰসাদ যেন পাইল।
ইটো গোপী কিনো তপসাইল॥ ৬২