এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
[খণ্ড ১
কীৰ্ত্তন-ঘোষা

হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা।
গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা॥ ২৮
তোমাক নমিলা গৈয়া দণ্ডৱতে পৰি।
পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি॥
তযু পৰশনে গ্ৰাহে শাপক নিস্তৰি।
বিমানে স্বৰ্গক গৈলা দিব্য ৰূপ ধৰি॥ ২৯
হয়গ্ৰীৱ নামে আৰো ভৈলা অৱতাৰ।
তপ্ত সুৱৰ্ণৰ বৰ্ণ শৰীৰ তোমাৰ॥
তোমাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে।
বাজ ভৈল চাৰি বেদ নিশ্বাস কাঢ়ন্তে॥ ৩০
সপত্নী মাতৃৰ বাক্য বিদাৰিল মন।
ধ্ৰুৱে আসি আৰাধিলা তোমাৰ চৰণ॥
ত্ৰৈলোক্যৰ উপৰে তাহাঙ্ক থৈলা ঠাপি।
গোধিকাৰ পুছ—ভাগে দেখিয় অদ্যাপী॥ ৩১
দেৱে-দৈত্যে আনিবাক নৱাৰে মন্দৰ।
অপ্ৰয়াসে আনি তুমি মথিলা সাগৰ॥
দানৱক যুঝিলা দেৱৰ হুয়া ভিতি।
তোমাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তি॥ ৩২


পাঃ ২৯॥ পৰশনে— দৰশনে।