পৃষ্ঠা:Kirtan Ghosha.pdf/২০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
১৯৫
শিশু-লীলা


সমস্তে জীৱ জৌতি তেজ জল।
সত্ত্ব ৰজ তম ইন্দ্ৰিয়-বল॥ ৩০
বল বুদ্ধি কাল কৰ্ম্ম যতেক।
সৱাকো গৰ্ভতে দেখি প্ৰত্যেক॥
যতেক ধেনু গোপ-গোপীঝাক।
যশোদা দেখে তৈতে আপোনাক॥ ৩১
পৰম শঙ্কাক পাইলন্ত সতী।
অদ্ভুত দেখিয়া বোলন্ত মাতি॥
কিবা ভ্ৰম ভৈল মোহক পায়া।
দেখিলো স্বপ্ন কিবা দেৱ-মায়া॥ ৩২
কিবা জানে মায়া মোৰ তনয়।
কৰিবে নৱাৰো একো নিশ্চয়॥
নুহিকন্ত মোৰ পুত্ৰ মানুষ।
এহেন্তেসে বিষ্ণু আদি পুৰুষ॥ ৩৩
এহি বুলি চিত্তে দঢ়ায়া সতী।
কৰযোড়ে কৰে কৃষ্ণক তুতি॥
যিটো ব্ৰহ্ম নোহে তৰ্ক-গোচৰ।
নপাৱে বচনে মনে ওচৰ॥ ৩৪


পা ৩০॥ জীৱ••••••জল।-তেজ যৌতিচক্ৰ যল।